129 অধ্যায়
যাত্ৰাৰ সঙ্গীত
1 ইস্ৰায়েলে কওঁক,
“যৌৱন কালৰ পৰাই তেওঁলোকে মোক অনেক আক্রমণ কৰিলে।”
2 “যৌৱন কালৰে পৰা তেওঁলোকে মোক অনেক দুখ দিলে;
তথাপি মোক জিনিব পৰা নাই।
3 হালোৱাই মোৰ পিঠিত হাল বালে;
তেওঁলোকে দীঘলকৈ সীৰলু কাটিলে।”
4 যিহোৱা ধাৰ্মিক; তেওঁ মোক দুষ্টলোকৰ দাসত্বৰ পৰা মুক্ত কৰিলে* তেওঁ দুষ্টবোৰৰ ৰচীবোৰ ছিঙি পেলালে। ।
5 যিসকলে চিয়োনক ঘিণ কৰে,
তেওঁলোক লজ্জিত হওঁক, বিমুখ হওঁক।
6 তেওঁলোক ঘৰৰ চালৰ ওপৰত গজা ঘাঁহৰ দৰে হওঁক,
যি নৌ বাঢ়োতেই শুকাই যায়;
7 যেয়ে তাক দাব বিচাৰে, তাৰে তেওঁৰ হাতৰ মুঠি পূৰ নহয়,
যেয়ে তাক ডাঙৰি বান্ধিব বিচাৰে, তাৰে তেওঁৰ ভড়াল পূর্ণ নহয়।
8 বাটৰুৱাবোৰে সেই ফালেদি গ’লে তেওঁলোকক এনেদৰে নকয়,
“তোমালোকৰ ওপৰত যিহোৱাৰ আশীৰ্ব্বাদ থাকক!
যিহোৱাৰ নামেৰে আমি তোমালোকক আশীৰ্ব্বাদ দিছোঁ।”