123 অধ্যায়
যাত্ৰাৰ সঙ্গীত।
1 হে স্বৰ্গৰ সিংহাসনত থাকোঁতা জনা,
মই তোমাৰ ফালেই মোৰ চকু তুলি চাই থাকোঁ।
2 গৰাকীৰ হাতলৈ যেনেকৈ দাসবোৰৰ চকু থাকে, আৰু দাসীৰ চকু যেনেকৈ গৰাকীয়ণীৰ হাতৰ ফালে থাকে,
তেনেকৈ আমাক কৃপা নকৰা পর্যন্ত আমাৰ চকুৱে আমাৰ ঈশ্বৰ যিহোৱালৈ চাই থাকে।
3 আমাক কৃপা কৰা, হে যিহোৱা, আমাক কৃপা কৰা;
কিয়নো আমি লোকসকলৰ তুচ্ছ-তাচ্ছিল্যত অধিককৈ পোঁত গ’লো।
4 আমাৰ প্রাণে বহন কৰিব পৰাতকৈ লোকসকলৰ বিদ্রূপ আৰু অহঙ্কাৰীবোৰৰ অপমান অধিক হ’ল।