4 অধ্যায়
প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত বাদ্যৰে সৈতে গোৱা দায়ুদৰ ৰচিত গীত।
1 হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো,
তেতিয়া তুমি মোক উত্তৰ দিয়া।
বিপদে যেতিয়া মোক হেঁচি ধৰিলে,
কিন্তু তুমিয়ে মোক বহল ঠাই দিলা;
মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
2 হে মনুষ্য, কিমান কালনো তোমালোকে মোৰ সন্মানক অসন্মান কৰিবা?
কিমান কালনো তোমালোকে অসাৰকে ভাল পাই থাকি
অসত্যৰ পাছে পাছে দৌৰিবা? (চেলা)।
3 কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক
তেওঁৰ নিজৰ কাৰণে পৃথক কৰিলে।
মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
4 তোমালোকে মনৰ ব্যাকুলতাত পাপ নকৰিবা;
নিজৰ শয্যাত শুই তাক দকৈ মনতে চিন্তা কৰি চাবা আৰু নিজম দি থাকিবা। (চেলা)।
5 তোমালোকে যোগ্য বলি উৎসৰ্গ কৰা, আৰু যিহোৱাত ভাৰসা ৰাখা।
6 অনেকে কয়, “অহ! আমি যদি অলপমান মঙ্গলকে দেখা পালোহেঁতেন!”
হে যিহোৱা, তোমাৰ মুখৰ দীপ্তি আমাৰ ওপৰত প্রতিফলিত হওঁক।
7 প্রচুৰ শস্য আৰু নতুন দ্রাক্ষাৰস উভৈনদী হ’লে যেনেকৈ আনন্দ হয়,
তাতোকৈয়ো অধিক আনন্দ দি তুমি মোৰ অন্তৰ পূর্ণ কৰি ৰাখিছা।
8 মই শান্তিৰে শুই টোপনি যাম।
কাৰণ, হে যিহোৱা, কেৱল তুমিয়েই মোক নিৰাপত্তা দি নিৰাপদে ৰাখিছা।