2 অধ্যায়
যোনাৰ প্রার্থনা
1 যোনাই সেই মাছৰ পেটৰ পৰা নিজ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে। 2 তেওঁ ক’লে,
“মই যিহোৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক’লো;
তাতে তেওঁ মোক উত্তৰ দিলে।
চিয়োলৰ* চিয়োল, অর্থাৎ মৈদাম। ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলে।
3 আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালে
আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলে,
আপোনাৰ আটাই ঢৌ আৰু তৰঙ্গ মোৰ ওপৰেদি গ’ল।
4 মই ক’লো, ‘আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি
দিলে; মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম?
5 জল সমূহে মোক গ্রাস কৰি প্রাণৰ সংশয়লৈ লৈ
গ’ল; অগাধ জলে মোক আগুৰি ধৰিলে;
সাগৰৰ লতা-বনবোৰে মোৰ মূৰ মেৰাই ধৰিলে।
6 মই ডুবি গৈ পৰ্ব্বতবোৰৰ মূল পর্যন্ত নামি গ’লোঁ;
নিজৰ ডাংবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে;
কিন্তু, হে মোৰ ঈশ্বৰ যিহোৱা, আপুনি সেই গাতৰ পৰা মোক উঠাই আনিলে।
7 মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ’ল,
মই যিহোৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা
আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ’ল।
8 যিসকলে অসাৰ দেৱতাবোৰক মানে,
তেওঁলোকে আপোনাৰ যি বিশ্বস্ততা, তাক অৱহেলা কৰে।
9 কিন্তু মই হ’লে স্তুতি-ধন্যবাদেৰে আপোনাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম;
মই কৰা সংকল্প সিদ্ধ কৰিম;
পৰিত্ৰাণ যিহোৱাৰ পৰাই আহে!”
10 পাছত যিহোৱাই মাছটোক আজ্ঞা দিয়াত মাছটোৱে যোনাক বামত বমি কৰি উলিয়াই দিলে।