গীতমালা
গ্রন্থ ৰচয়িতা
গীতমালা, গীতৰ কথাৰ সংকলন, এইখন পুৰণি নিয়মৰ এখন পুস্তক হিচাপে পৰিচিত, এই পুস্তক খনে নিজৰ পৰিচয় দিওঁতে বিভন্ন লিখকৰ ৰচনাৰ এক সংকলন বুলি কয়; এই পুস্তক খন একাধিক লিখকৰ দ্বাৰা ৰচনা। ইয়াৰে দায়ুদে লিখিছে 73 টা গীত, আচাফে লিখিছে 12 টা গীত, কোৰহ আৰু তেওঁৰ সন্তানসকলে লিখা 9 টা গীত, চলোমনে লিখা 3 টা গীত, এইখন আৰু মোচিয়ে লিখিছে একোটাকৈ গীত (গীত 90), আৰু ইয়াৰে 51 ৰ গীতৰ ৰচক অজ্ঞাত। চলোমন আৰু মোচিৰ ব্যতিক্রম সহ, এই অতিৰিক্ত লিখকসকল আছিল পুৰোহিত বা লেবীয়াসকল, যিসকলে দায়ুদৰ শাসনকালত উপাসনাৰ সময়ত সঙ্গীত সংগত কৰাৰ বাবে দায়িত্বত লৈছিল।
লিখাৰ স্থান আৰু সময়
লিখাৰ সম্ভাব্য সময় প্রায় 1440-430 খ্রীষ্টপূর্বৰ মাজভাগত।
ইতিহাসৰ বহু ভিন্ন সময়ত ব্যক্তিগত গীতমালাৰ গীত সমূহ লিখা, যেনে মোচিৰ সময়ত লিখা; দায়ুদৰ যোগেদি, আচাফ, আৰু চলোমনৰ যোগেদি লিখা, সম্ভব্য বেবিলনৰ নির্বাসনৰ পাছত ইজ্রাৰ সময়ত লিখা, অর্থাৎ এই পুস্তকৰ গীত সমূহ প্রায় এক হাজাৰ বছৰ বিয়পি থকা এটা বৃহৎ সময়ত লিখা।
প্রাপক
ইস্রায়েলৰ জাতি, তেওঁলোকৰ কাৰণে ঈশ্বৰৰ পক্ষৰ পৰা যি কৰিছিল, সেয়া স্মৰণ কৰি দিয়াৰ দৰে, আৰু ইতিহাসজুৰি বিশ্বাসীসকলৰ বাবে উপদেশ।
উদ্দেশ্য
গীতমালাই এনে কিছুমান বিষয়ৰ সৈতে সংযোগ কৰে, যেনে ঈশ্বৰ আৰু তেওঁৰ সৃষ্টি, যুদ্ধ, আৰাধনা, প্রজ্ঞা, পাপ আৰু চয়তান, ন্যায় বিচাৰ, ন্যায়, আৰু আহিবলগীয়া মছীহৰ বিষয়ে। বহু পৃষ্ঠাজুৰি গীতমালাই ইয়াৰ পাঠকসকলক ঈশ্বৰক প্রশংসা কৰিবৰ বাবে উৎসাহ প্রদান কৰে, কিয়নো তেওঁ যি হয় আৰু তেওঁ তাকে কৰে। “গীতমালা” ই আমাৰ ঈশ্বৰৰ মহত্বক উদ্ভাসিত কৰি দিয়ে, আমাৰ সমস্যাৰ সময়ত তেওঁৰ বিশ্বাসযোগ্যতাক নিশ্চিতকৰি দিয়ে, আৰু তেওঁৰ বাক্যৰ কেন্দ্রীয় কথাক স্মৰণ কৰাই দিয়ে।
মূল বিষয়
প্রশংসা।
প্রান্তৰেখা
1. মছীহৰ পুস্তক — 1:1-41:13
2. বাসনাৰ পুস্তক — 42:1-72:20
3. ইস্রায়েলৰ পুস্তক — 73:1-89:52
4. ঈশ্বৰৰ নিয়ম-নীতিৰ পুস্তক — 90:1-106:48
5. প্রশংসাৰ পুস্তক — 107:1-150:6
1 অধ্যায়
ধন্য সেই লোক, যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে,
পাপীবিলাকৰ পথত থিয় নহয়,
নিন্দকবোৰৰ সমাবেশত নবহে;
কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়,
আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে।
সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা,
যি গছে বতৰত ফল দিয়ে,
আৰু যাৰ পাত জঁয় নপৰে;
সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে।
দুষ্টবোৰ তেনেকুৱা নহয়;
সিহঁত বতাহে উৰুৱাই নিয়া তুঁহৰ নিচিনা।
এই কাৰণে দুষ্টবোৰে ন্যায় বিচাৰত থিয় হ’ব নোৱাৰিব,
আৰু পাপীলোকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব।
কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে,
কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।