5 অধ্যায়
বিশ্বাসৰ জয়
1 যীচু যে সেই অভিষিক্ত * অভিষিক্ত খ্ৰীষ্টহয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে। 2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো। 3 কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷† মথি 11:30৷
4 যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে।‡ যো 16:33৷ আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। 5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
6 জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য। 7 আৰু সাক্ষ্য দিওঁতা তিনিটা; 8 আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
9 আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। 10 যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে;§ ৰো 8:16৷ যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
11 সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। 12 যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে;* যো 3:36; 5;24৷ যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
13 ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন† যো 20:31৷ আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ। 14 এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে; 15 আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
16 কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।‡ যিৰি 7:13-16; মথি 12:31, 32৷ 17 সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
18 আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। 19 আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
20 আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। 21 তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷
*5 অধ্যায়:1 অভিষিক্ত খ্ৰীষ্ট
†5 অধ্যায়:3 মথি 11:30৷
‡5 অধ্যায়:4 যো 16:33৷
§5 অধ্যায়:10 ৰো 8:16৷
*5 অধ্যায়:12 যো 3:36; 5;24৷
†5 অধ্যায়:13 যো 20:31৷
‡5 অধ্যায়:16 যিৰি 7:13-16; মথি 12:31, 32৷